ঋতুৱে ঋতুৱে
(পুলক জ্যোতি শৰ্মা)
ৰঙা পাপৰিয়ে উচাটন কৰা
মনৰ বাতৰি
কাৰ বুকুৰ পৰা কাৰ বুকুলৈ
কঢ়িয়াই নিয়ে তাই
পচোৱা বোকোচাত তুলি
তাই হাঁহিছে
বাৰেৰঙী কাপোৰসাজে তাইক তুলি ধৰিছে
পথৰুৱা গান এটা গুণগুণাই
মাকৰ ঘৰলৈ যাবলৈ খদমদম লগাইছে
ৰাতিপুৱাৰে পৰাই ঠেহ পাতি
মুখখন ওন্দোলাই আছিলে তাই
আছিলে ভোৰভোৰাই
বেজাৰ বৰকৈ লাগিল হবপায়
এতিয়া হুৰাওৰাৱে কান্দিছে
ৰাতি আকাশত উমলি থকা তৰাজাকক
তাই পুৱাতে আছে নিচুকাই
মুকুতামণি বচা দলিচাত
পদূলিৰ শেৱালীজোপাৰ ছাঁত
উঠিবলৈ মনযোৱা নাই তাইৰ
চিকুণ টোপনি এৰি
বগা নিহালীখন মূৰলৈকে লৈছে টানি
********